এটা হালধীয়া গানে গা ধুই গ’ল ইয়াত
পুখুৰীৰ নিটাল পানী ভাঙি
এটা হালধীয়া গানে গা ধুলে আৰু
পুখুৰীত এৰি গ’ল এজাক খলকনি
...
এইখন চহৰ মোৰ অচিনাকি
ইয়াত বিক্ৰী হ'য় আকাশ
নীলাম হ'য় হৃদয়
...
অপেক্ষাৰ কাতৰতাত প্ৰতিটো প্ৰহৰ
এটা নীলা বেদনাৰ স্তৱক
ভালপোৱাৰ বৃত্তৰ শেষত মোৰ প্ৰপ্তি
...