এটা হালধীয়া গানে গা ধুই গ’ল ইয়াত
পুখুৰীৰ নিটাল পানী ভাঙি
এটা হালধীয়া গানে গা ধুলে আৰু
পুখুৰীত এৰি গ’ল এজাক খলকনি
...
অপেক্ষাৰ কাতৰতাত প্ৰতিটো প্ৰহৰ
এটা নীলা বেদনাৰ স্তৱক
ভালপোৱাৰ বৃত্তৰ শেষত মোৰ প্ৰপ্তি
...
এটা হালধীয়া গান
এটা হালধীয়া গানে গা ধুই গ’ল ইয়াত
পুখুৰীৰ নিটাল পানী ভাঙি
এটা হালধীয়া গানে গা ধুলে আৰু
পুখুৰীত এৰি গ’ল এজাক খলকনি
গছবোৰে তধা লাগি চালে
মাছবোৰে চুই চালে গানৰ শৰীৰ
আৰু অলপ সময় নিতাল মাৰিল
চৰাইবোৰৰ ডিঙি
আজি আপোন মনে গুণগুনাই
গা ধুলে এটা গানে
সন্ধিয়া দাপোনত বগুৱাবাই উঠিল মোৰ ছাঁ
মোৰ চেতনাত ঢৌ তুলি গুছি গ’ল
এটা হালধীয়া গান