হিলৈ
দীপ্তি দেউৰী বৰা
যোৰহাট
কি হিলৈ
পুতনা হিলৈ
শূৰ্পনখা চহৰত স্তন আৰু নাক
দুয়ো লজ্জানত ভাবে আহত
সোণৰ হৰিণে ওল গুঠিছে
এজাক সোণৰ হৰিণ
স্তন আৰু নাক কটাৰ অপৰাধত চুটী স্কাৰ্ট পিন্ধা ছোৱালীবোৰক দোষী কৰা হৈছে
লক্ষ্মণে দৌৰিব পৰা নাই
শূৰ্পনখা চহৰত মাক দেউতাকৰ অজ্ঞাতে বহু ছোৱালী লুণ্ঠিত হয়
বহু ল'ৰাই শিকি পেলায় জীৱন মানে কেৱল অন্তৰ্বাসৰ সন্ধ্যা
গেঞ্জী আৰু ঘাম এতিয়া পুৰণি আখ্যান
আচৰিত ভাবে আমি মানুহবোৰেই আটাইতকৈ বেছি সমাজৰ কথা কওঁ
আৰু দুৰ্বলীক পালে তেওঁলোকলৈ দলিয়াই দিওঁ
পুতনা হিলৈ
আচৰিত ভাবে আমি মানুহবোৰে প্লাষ্টিক নিবাৰণৰ কথা কওঁ
আৰু আমাৰ দোষবিলাকক আৱৰি ৰাখিব বিচাৰো প্লাষ্টিক কনডমেৰে
শূপৰ্নখা চহৰত যৌৱন ধৰি ৰাখিব বিচৰা বহু বৃদ্ধই জীৱন মানে যৌৱনকে বুজে
এযোৰ দামী অন্তৰ্বাসৰ বাবে এজনী ষোড়শী এজন বৃদ্ধৰ স'তেও বিবস্ত্ৰা হ'ব পাৰে
আচৰিত
আচৰিত পুতনা
আচৰিত শূৰ্পনখা
আছিলনে তোমালোকৰ দিনত তেনে কথা
হিৰোছিমা পুতনা
নাগাছাকি শূৰ্পনখা
মগজুবোৰতঅনবৰতেই যুদ্ধ চলি থাকে
শূৰ্পনখা চহৰলৈ পুতনা আহে ৰঙীন বেলুন লৈ
আলুবেপাৰীয়ে পুতনালৈ চায়
তাৰ দুটা চকুত দুটা হিলৈ |
This poem has not been translated into any other language yet.
I would like to translate this poem