আন্ধাৰ মানুহবোৰ By Dipti Deori Borah Poem by Dipti Deori Borah

আন্ধাৰ মানুহবোৰ By Dipti Deori Borah

আন্ধাৰ মানুহবোৰ
দীপ্তি দেউৰী বৰা

গলিয়ে গলিয়ে গলি আছে
সকলো গলিতে নাথাকে বিলাসী কবিতা
কোনোটো হস্পিটেললৈ যোৱা গলি
কোনোটো গলি পতিতালয়লৈ
কোনোটো গলি পঢ়াশালিলৈ

গলিবোৰত বহু প্ৰভাৱী বয়স্কা তিৰোতাৰ দাম আপুনিতুলি দিব পাৰে
গলিবোৰতদুঘণ্টাৰ বাবে সোমাই আপুনি বহু পৃষ্ঠাজোৰা থেচিচ লিখি ডক্টৰেট ল'ব পাৰে
আপুনি পকেটত দুখন ৰুমাল ৰাখিব পাৰে -
এখন নিজৰ বাবে, আনখন শেঙুননকা ল'ৰাবোৰৰ বাবে
থেচিচৰ স্বাৰ্থত আপুনি শেঙুননকা ল'ৰাবোৰক একোলা লব লগীয়া হ'ব পাৰে

গলিতেই ওলায় বটলপিয়া মানুহবোৰ-
এবটল চুলাই -জিন্দেগী খুচ,
এজনীমাইকী -জিন্দেগী খুচ
কামাতুৰা চাৱনী -জিন্দেগী খুচ
ঘৈণীক দুটা গোৰ-জিন্দেগী খুচ

কোনো কোনো গলিত মানুহক নাঙঠ কৰাটো যেন বিজয়ৰ বাৰ্তা হৈ পৰে-
সেইয়া চৰিত্ৰ স্খলনৰ নামতেই হওক বা মৰেল পুলিচৰ নামতেই হওক

সমালোচনাবোৰে ইটো গলিৰ পৰা সিটো গলিলৈ দৌৰা দৌৰি কৰে
এই গলিতেই মানুহে ৰংবোৰ কিনিব পাৰে
কোনো জাতিৰ বাবে সেউজীয়া ৰং
কোনো জাতিৰ বাবে গেৰুৱা
ৰংবোৰৰ ঠিকনা দলবোৰলৈ গুচি যায়
শেঙুননকা লৰাই অপৈণত বয়সতে নীলা ছবি চায়

পাঠশালাতকৈ টকাৰ দৰ কেতিয়াবা বেছি হৈ পৰে
নিবনুৱাৰ মাৰ্কচিটৰ ভৰ সহিব নোৱাৰি জেৰক্সৰ মেচিনবোৰ লেবেজান হৈ পৰে
দিনটো চিপচৰ পেকেটবোৰ ওলমি থাকে
ৰাতি বতাহত ভাঁহি থাকে দিনৰ খৰখৰনিবোৰৰ লগতে লাওপানীৰ গোন্ধ

আন্ধাৰবোৰ আজিকালি বহু মানুহে হজম কৰে |

Sunday, November 25, 2018
Topic(s) of this poem: social
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Dipti Deori Borah

Dipti Deori Borah

Boithalaungsu
Close
Error Success