ঠিক এইখিনি সময়তে
2-4-2000
এজাক বৰষুণৰ অপেক্ষাত
চিঞৰি উঠা শুকান পাতবোৰ
ঠিক এইখিনি সময়তে
ফাচীৰ ৰচি লৈ বগাইছিল আকাশ
হালধীয়া এক আৰ্চীত
আচুৰিছিল দীঘলীয়া চুলি
বেঙবোৰে বেঙা মেলি চাওঁতে ভাঁজ-কেঁকুৰি
নিগনিবোৰে কুটোতে ডাৱৰৰ স্তম্ভ
ডিঙিত হৈছিল বিষ
দাঁতত বিৰিঙিছিল তেজ
পাতবোৰে বেজাৰতে মৰমৰীয়া হৈ
মুখ ঢাকুৰিছিল শিলত
ঠিক এইখিনি সময়তে
দেহৰ তেজবোৰ গোট মাৰি শিল হ'ল
যিখিনি সময়ত ।।
(২০০০ চনত ৰামধেনু নামৰ স্মৃতিগ্ৰন্থত মঞ্জুবালা ছদ্মনামত প্ৰকাশিত)
This poem has not been translated into any other language yet.
I would like to translate this poem