এলবামৰ শেষ পৃষ্ঠা
23-6-2000
এক হালধীয়া ফুলৰ বাগিছা
এলবামৰ শেষ পৃষ্ঠা
হালি আছে যত অভিজ্ঞতাৰে পুৰঠ ডাল
এলবামৰ শেষ পৃষ্ঠাত
বিয়পি এটা নতজানু দুখ
এটা ধোঁৱা ধুসৰ পৰিধি
এলবামৰ শেষ পৃষ্ঠাত
সোঁৱৰণীৰ পৃষ্ঠাবোৰ লুটিয়াই থাকোঁতে
এলবামৰ শেষ পৃষ্ঠাত
সময়বোৰ ক্ৰমশঃ সৰু হৈ আহোঁতে
এলবামৰ শেষ পৃষ্ঠাত
তুমি আৰু মই বায়ুত বিলীন হওঁতে
এলবামৰ শেষ পৃষ্ঠাত........।।
This poem has not been translated into any other language yet.
I would like to translate this poem