মাছ
1-5-2000
আশা জিলমিল
হৃদয়ত সাতোঁৰে মোৰ
বাসনাৰ ৰুপালী মাছ
ৰুপালী মাছ সাতোঁৰে
সৰল ৰেখাৰ দৰে পোনে পোনে
ঢৌৰ দৰে বেঁকা-বেঁকি
ওলাই পুৱাৰ বেলিৰ দৰে
ডুব যায় যেন বিয়লিৰ বেলি
থৰ্ লাগে গতি যেন মৃতকৰ উশাহ
চঞ্চল হয় ফিছা যেন কেঁচুৱাৰ ওঁঠ
সোঁফালে-বাওঁফালে
আগফালে-পিছফালে
লৰচৰ কৰে ৰেচমী পানী
গভীৰ পানী তৰাং পানী
বাৰিষা
শৰৎ
ওৰে ঋতু
আপোনমনে ।।
This poem has not been translated into any other language yet.
I would like to translate this poem