পুৰণা ছাতিটো
13-4-1999
পুৰণা ছাতিটো
দেউতাৰ মৰমৰ ছাতিটো
(ককাৰো আছিল হেনো মৰমৰ)
বেৰত বাদুলিৰ দৰে ওলমি থকা ছাতিটো
বুকুৰ বিষ হৈ ধৰফৰায়
(অতীত কেতিয়াবা আৱৰ্জনা)
এই যে ফটা-ছিটা ছাতিটো
কামত নাহে ৰ'দত
কামত নাহিল বৰষুণতো
কালি ৰ'দ-বৰষুণ
হাতত হাত থৈ আহিছিল
এতিয়া ঈশ্বৰেও নিবিচাৰে
ছাতিটো,
ম্ৰিয়মান ছাতিটোক।
This poem has not been translated into any other language yet.
I would like to translate this poem
Bhal kobita.....data......