নীৰৱতাৰ অন্তৰাল Poem by Sarah Naiding

নীৰৱতাৰ অন্তৰাল

Rating: 4.0

এটা নিস্তব্ধ, শান্ত ৰাতি,
চন্দ্ৰৰ কোমল পোহৰে ঢকা আঁচলত;
দশক দশক ধৰি, এখন নদী—
অচচ্চল, নিৰৱে, নাওখন আছে ধৰি।

কিছুমান হেৰুৱা ভ্ৰমণকাৰীৰ,
অপেক্ষাত এই নদী;
নিশব্দটাৰ ছাঁ, সপোনৰ পাতত,
সময় বয়—এক অনন্ত ধ্বনিত।

এজোপা মৰহিজোৱা গছ, নীৰৱ সাক্ষী,
জীৱনৰ নিঃশব্দ কাহিনী লৈ;
তাৰ শুকান পাতবোৰ কঁপি,
যেন চুই যায় অতীতৰ উশাহক।

স্মৃতিৰ শিপাহবোৰ সোমাই নদীৰ বুকুত,
পঠিয়ায় প্ৰতিধ্বনি—সময়ৰ গভীৰতালৈ,
এখন যুগৰ পৰা আন এখন যুগলৈ।

ম্লান পোহৰে ফালে কুঁৱলীৰ পৰ্দা,
উজ্বল অন্ধকাৰৰ মাজত জীয়াই থাকে আশা;
জীৱন নিজেই—আশাৰ জ্যোতিৰ বৰ্ণা,
নিঃশেষতাৰ মাজতো, চিৰন্তন দীপ্তি।

সময় থমকা, নদী সৰকা,
অপেক্ষাও অনন্ত, নীৰৱতাত সনা;
এই নাওখনত উঠিব নে কোনোদিন?
নদীৰ বুকুত গজিব নে সপোনৰ কুসুম?

তথাপিও—নদী আছে ৰৈ, গছো আছে ৰৈ,
আশাও আছে ৰৈ, ম্লান পোহৰৰ দৰে;
কাৰণ নীৰৱতাৰ অন্তৰালত,
প্ৰত্যেক প্ৰতীক্ষাই এক প্ৰাৰ্থনা,
প্ৰত্যেক নিস্তব্ধতাই—এটা জীৱনৰ ভাষা।

POET'S NOTES ABOUT THE POEM
সময়ৰ নদীত সপোনৰ নাওখনৰ যাত্ৰা |
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success