Inamul F Hassan

The Best Poem Of Inamul F Hassan

'মৃত্যুৱেই শেষ নহয়'

মৃত্যুৱেই শেষ নহয়
সেয়ে মই জীয়াই আছো
বস্তিৰ ল'ৰাবোৰৰ মাজত
সিঁহতৰ মৰমৰ মায়াজালত।

সিঁহতে 'ডাস্টবিন'ত খোৱাবস্তু বিচাৰিছিল
অৱশ্যে পাইছিল
আধাখোৱা 'কেক'বোৰ
গেলাপঁচা বস্তুবোৰ,

সিঁহতে খাইছিল
সেয়াই খাইছিল
মৌন ওঠত হাঁহি বিৰিঙিছিল।

এতিয়া 'ডাস্টবিন'ত খোৱাবস্তু নিবিচাৰে
মোৰ পৰা বিচাৰে-
মৰম, ভালপোৱা
মই কৃপনতা নকৰো।

কাৰণ, মই জীয়াই আছো
সিঁহতৰ মৰমৰ মায়াজালত,
মৃত্যুৱেই শেষ নহয়
সেয়ে মই জীয়াই আছো
সিঁহতৰ মাজত।।

Inamul F Hassan Comments

Close
Error Success