Jyotishman Das

Jyotishman Das Poems

মই যেতিয়া সৰু আছিলো,
দেউতাই মোক ৰংবোৰেৰে চিনাকি কৰি দিছিল |
মোক বোকোচাত লৈ আকাশখনলৈ আঙুলিয়াই কৈছিল,
'আকাশখন নীলা',
...

Jyotishman Das Biography

A student of literature.)

The Best Poem Of Jyotishman Das

বিবৰ্তন

মই যেতিয়া সৰু আছিলো,
দেউতাই মোক ৰংবোৰেৰে চিনাকি কৰি দিছিল |
মোক বোকোচাত লৈ আকাশখনলৈ আঙুলিয়াই কৈছিল,
'আকাশখন নীলা',
গছবোৰ সেউজীয়া |

মই ভালপাইছিলো,
সাতোৰঙী ৰামধেনু,
নানাৰঙী বেলুন আৰু বাৰ ফুটুকীয়া ফ্ৰক |

মায়ে মৰমৰ সেউজীয়াৰে মোলৈ চুৱেটাৰ গুঠিছিল,
সেয়ে মই ভালপাইছিলো সেউজীয়া |

শৈশৱৰ সেই ৰংচিনা সময়ৰ সেউজীয়া পৃষ্ঠাটো লুটিয়াই,
এদিন মই ভৰি দিলো কৈশোৰত |

প্ৰেমত পৰিলো গছবোৰৰ...
(সেউজীয়া বাবে গছবোৰ ভালপাইছিলো নে,
গছবোৰ ভালপাওঁ বাবে সেউজীয়া ভালপাইছিলো সেইটো আজিও মোৰ বাবে এক ৰহস্য |)

সময়বোৰ বাগৰিছিল,
মই প্ৰেমত পৰিছিলো পাতবোৰৰ...

মোৰ জীৱনলৈ ফাগুন আহিছিল,
ক'ৰবাত ফুল এপাহ ফুলিছিল,
অচিনাকি সুৰ এটাৰ লহৰে লহৰে পখিলা হৈ নাচিছিল মন...
আৰু মই
ক্ৰমশ: গভীৰৰ পৰা গভীৰলৈ গৈ গভীৰভাৱে উপলব্ধি কৰাৰ প্ৰয়াস কৰিছিলো
সেউজীয়াৰ গভীৰতাক
আৰু প্ৰেমত পৰিছিলো শিপাবোৰৰ...

নতুনকৈ আৱিষ্কাৰ কৰিছিলো নিজক |
এক বিবৰ্তন,
সেউজীয়াৰ পৰা শিপালৈ,
শৈশৱৰ পৰা যৌৱনলৈ...

Jyotishman Das Comments

Jyotishman Das Popularity

Jyotishman Das Popularity

Close
Error Success