nilanjana duwara

The Best Poem Of nilanjana duwara

মাথো মনৰ অনুভৱ

বাৰিষাৰ
কিনকীয়া বৰষুণ জাকত
তোমাৰ মুখেৰে
নিগৰি আহিছিল
সেই অপ্ৰত্যাশিত শব্দ কেইটা
যি কেইটা শব্দ কবলৈ
তুমি বৰষুণৰ লগত
খেলা কৰিছিলা
সেইদিনা অহা
বৰষুণ জাকৰ
প্ৰতিটো টোপালেই
কৈ গৈছিল
তোমাৰ কথা
আৰু প্ৰতি টোপাল
বৰষুণ যেতিয়া
আকাশৰ পৰা নামি
ধৰাৰ বুকুত পৰে
তেতিয়া হোৱা
টুপ্ টুপ্ শব্দৰ
প্ৰতিটোতে
যেন কেৱল
তোমাৰ প্ৰতিচ্ছবিয়েই
উদ্ভাসিত হৈ আহিছিল
য'ত নাছিল কোনো
প্ৰতাৰণাৰ চিন
সকলোতেই কেৱল
বিশুদ্ধ মনৰ মিলন
সেইদিনা বাৰিষাৰ
কলিয়া ডাৱৰখনো
নিমিষতে পৰিস্কাৰ হৈ
এখন স্বচ্ছ হৃদয়ৰ
পৰিচয় দিছিল
ঠিক
এপাহ
সিক্ত
বগা গোলাপৰ
দৰেই
চিৰপবিত্ৰ, চিৰসুন্দৰ॥

nilanjana duwara Comments

Close
Error Success