বেদনা Poem by Uttam Adhikary

বেদনা

তুমি চাগে কান্দিবা মোৰ মৃত্যুৰ দিনা;
তোমাৰ কান্দোনত আকাশত ফাট মেলিব,
বেদনাৰ বৰষুণ নামিব,
তোমাৰ নিষ্টুৰ হৃদয় গলি গলি পানী হৈ
দুচকুয়েদি সৰি পৰিব।

তোমাৰ হৃদয়খন হব মোৰ চিতা,
মই হম চিতাৰ শোভা।
মোৰ মৰমবোৰ হব' চিতাৰ অগ্নি,
জ্বলিৱ উমি উমি।

তোমাৰ মিছা প্ৰেয়সী
গুচি যাব বহু দুৰ-দুৰণি
জ্বুইৰ উত্তাপ সহিব নোৱাৰি।

সিদিনা চাগে কবা- -
'তুমি মোৰ সঁচা প্ৰেমিক আছিলা'

পিছে বেছি নাকান্দিবা,
তোমাৰ মংগলৰ কাৰণে
ঈশ্বৰৰ ওচৰত কৰি থাকিম মই প্ৰাৰ্থনা।

বেদনা
Friday, September 18, 2015
Topic(s) of this poem: sad
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Uttam Adhikary

Uttam Adhikary

Golakganj, Dhubri, Assam, India.
Close
Error Success