সুখৰ সংজ্ঞা বিচাৰি মই দুখৰ দুৱাৰদলিত
হাউলিপৰা হুমনিয়াহ এটাত
শোক এটা এচুক হৈ ৰৈ থকা দেখি
মই থৰ লাগি চালো
বাট হেৰুওৱা পথিক এজনৰপৰা
ঠিকনা এটা লৈ আগবাঢ়ি গ’লো…
সুখৰ দুৱাৰ কেনি?
চকুলোৰে বাট ঢাকি
তেওঁ আঙুলিয়াই দেখুৱালে
সেমেকা ডাৱৰ এচপৰা
মই উভতি আহি দেখিলোঁ
আইৰ কোলাত টোপনি যোৱা
সাঁথৰহে যেন ভাগৰুৱা জোন এটা ।
This poem has not been translated into any other language yet.
I would like to translate this poem
published in LUIT PARIA Edited by Dr. Binu Borah