জখলা বগাই উঠা সৌৱা
এটা ঘৰ্মাক্ত বেলি
অনন্তত ওলমি এটা বিকল ঘড়ী
ঘড়ীটোৰ কাঁটাত স্তব্ধ পৃথিৱীৰ উশাহ আৰু কাঁটা কুটাত মগ্ন
এজাক ধাতৱ নিগনি
নিগনিজাকৰ চঞ্চলতাত
গতিহীন ঘড়ীৰ কাঁটা
গতিহীনতাত বন্দী সময়ৰ গৰ্ভৱতী স্ত্ৰী
গৰ্ভত আয়তন বঢ়াই অনিশ্চয়তা অনিশ্চয়তাৰ গাতে গা ঘেলাই অনিশ্চয়তাৰ
পাতনি
অনিশ্চয়তাৰ আদহীয়া পৃষ্ঠাত
এইজন মই
অচল কাঁটাত থৰ ল'গা সময় ।
This poem has not been translated into any other language yet.
I would like to translate this poem