মগ্নতা
17-11-1999
বহি থাকোতেই গাতে পৰিল
ৰঙীন সপোনৰ ৰেচমী চাদৰ
ভাবি থাকোতেই হাতত তোমাৰ
গোলাপ ফুলৰ শৰীৰ
তোমাৰ শৰীৰ নদী হৈ
চাই থাকোতেই বৈ গ'ল ভৈয়াম ভাঙি ভাঙি
কলভেল এখন পাৰঘাটত লাগিল
সুৰ্ সুৰ্ কৈ গুচি যোৱা ঢৌত
খৰ মাৰিলে পিংগল বিয়লি
হাত সাৱটি ৰৈ থাকোতেই
গেলেপা-গেলেপ এন্ধাৰে পেলালে জাল
মুৰত এপাচি তৰা লৈ বনিজলে বুলি
জোনটিও ওলাল ।।।
(Feb/2000-ত লিপি নামৰ তিনিমহীয়া আলোচনীত প্ৰকাশিত)
This poem has not been translated into any other language yet.
I would like to translate this poem