Nabakanta Barua

(26 December 1926 – 14 July 2002 / Guwahati / India)

সম্ৰাটৰপৰা - Poem by Nabakanta Barua

মই জানো মই ক্লীৱ৷
যদিও বা প্ৰাণকীট আশু অংকুৰিত মোৰ
ৰমণীৰ ফলদা কুক্ষিত৷ মই জানো মই ক্লীৱ,
যদ্যপি শক্তিৰ স্ফূৰ্ত্তি অযুত কৰীৰ, তথাপি সি
অন্ধ শক্তি, বিলম্বিত ন্যায়-দণ্ড পৰে যেন
ভ্ৰান্ত তস্কৰত৷
মই জানো মই ক্লীৱ৷ কাৰণ ন্যায়ৰ সূত্ৰ প্ৰতিশাখ্য৷
অভিজ্ঞতা ভিত্তি মাথোঁ মোৰ; কল্পনাৰ উন্মুক্ত পৱনে
নোতোলে লহৰ তাত পৌৰুষ অথবা নাৰীত্বৰ৷
মই জানো মই ক্লীৱ৷ যেহেতু অপৰিমেয়
শক্তি মোৰ নিৰ্ব্বিকাৰে সহ কৰিবৰ বাবে
সাধাৰণ মানুষী ভ্ৰান্তিৰ আক্ৰমণ ৷
মই ক্লীৱ কল্পনাবিহীন অভিজ্ঞতা,
আৰু তাৰ
অমোঘ নিবিড় অন্ধকাৰ৷
বসন্তৰ হ'ল শেষ৷ জোঁট লগা পলাশ-ডালত
শেষ হ'ল শাৰিকাৰ চটুল কাকলি৷
শালৰ সুৱাস-ৰিক্ত বতাহত স্বেদৰ ইংগিত৷
দিনৰ ঘৰ্ন্মাক্ত চিন্তা সন্ধিয়াই শীতল কৰেহি৷
কাণে কাণে বই যায় পূবালি বতাহ
বৰ্ষাৰ সংকেত লই৷ মই ভাবোঁ, মইযে সম্ৰাট,
যদিওবা ৰাজ্য মোৰ নিৰ্বিকাৰ মানচিত্ৰ৷
বিধৱাৰ সীমান্তৰে অঁকা৷ মোৰ সৈন্য
প্ৰান্তৰৰ শিলৰ চেপত সৌৱা গজি আছে
দীঘলীয়া ঘাঁহ৷ মই পিতা,
যদিওবা মোৰ পুত্ৰ হঠাত চকুত আহি পৰা
উৰণীয়া চিতাৰ কুকুহা৷
এটোপা অশ্ৰুৰ কণা ওলাই আহিব খুজি
ৰৈ যায়, হে সঞ্জয়,
শোণিতত আনি দিয়ে বিষাক্ত মাদক প্ৰতিক্ৰিয়া
-নিৰন্ধ্ৰ চকুত নাই পোহৰৰ পথ!

তথাপি সম্ৰাট মই,পিতা মই৷
যদিওবা ক্লীব মই হতাশ্বাস আত্মকীৰ্তি ধ্বংসৰ দৰ্শক
সম্ৰাটৰ সিংহাসন শোভা কৰা নিৰ্বিকাৰ অলংকাৰ
পিতৃত্বৰ হেজাৰ ভ্ৰান্তিৰ৷ পিতৃত্বৰ আশীৰ্ব্বাদ
সম্ৰাটৰ অভিজ্ঞান-যুক্ত এক দান-পত্ৰ কিয়নো ন,হল?
পিতাৰ উত্কন্ঠা আৰু মোহ উদ্বেগেৰে মই
শুক্ৰনীতি ৰচিলোঁ নিৰ্ভয়ে৷ সাম্ৰাজ্যৰ চক্ৰজালে
আনহাতে পিতৃত্বক কৰিলে বঞ্চনা৷
প্ৰজাৰ ন'হলো পিতা, হ'লো সন্তানৰ
সম্ৰাটৰ আসনৰপৰা৷
যেতিয়া চৰম ক্ষণ আহিছিল সম্ৰাটৰ
পিতৃত্বৰ নৈতিক গৌৰৱ-অৰ্জ্জনৰ,
তেতিয়া সম্ৰাটে আহি ৰোধিলে পিতাৰ কণ্ঠ
ক'লে কাণে কাণে-ৰাষ্ট্ৰৰ শ্লীলতা নাই,
ৰাষ্ট্ৰৰ সৌজন্য এক দুৰ্ব্বলতা৷ ৰাষ্ট্ৰক্লীৱ৷ নাৰীৰ নগ্নতা স'তে
শস্যহীন প্ৰান্তৰৰ নগ্নতাৰ অকণো প্ৰভেদ নাই!
ৰাষ্ট্ৰ পিতা, কন্যাৰ নগ্নতা-পিতাৰ সহজ অভিজ্ঞতা৷
মানুহৰ গ্লানি য'ত-ক্লীৱতাৰ তাতেই মৰ্য্যাদা৷
নীতিৰ নামত মই বিশ্বাসেৰে খেলিলোঁ হেতালি
সকলোটি হ'ল খেলিমেলি
কোন সত্য? নীতিৰ ক্লীৱতা নতু হূদয়ৰ পৰম নিৰ্ভৰ?

আজি মোৰ অন্ধ দুচকুত নামিছে নতুন অভিজ্ঞতা৷
হে সঞ্জয়, আজি মই জানো, স্বপ্ন কিনো৷
স্বপ্নই সানিলে আহি কল্পনাৰ তুলসী চন্দন
অন্ধ অভিজ্ঞতাশিলা হ'ল শালগ্ৰাম৷
স্বপ্নই দিলেহি দৃষ্টি জীৱনত আলোক বঞ্চিত এই
জৰদগৱ অন্ধ সম্ৰাটক…

Listen to this poem:

Comments about সম্ৰাটৰপৰা by Nabakanta Barua

There is no comment submitted by members..



Read this poem in other languages

This poem has not been translated into any other language yet.

I would like to translate this poem »

word flags

What do you think this poem is about?



Poem Submitted: Friday, June 15, 2012

Poem Edited: Friday, June 15, 2012


Famous Poems

  1. Still I Rise
    Maya Angelou
  2. The Road Not Taken
    Robert Frost
  3. If You Forget Me
    Pablo Neruda
  4. Dreams
    Langston Hughes
  5. Annabel Lee
    Edgar Allan Poe
  6. If
    Rudyard Kipling
  7. Stopping By Woods On A Snowy Evening
    Robert Frost
  8. Do Not Stand At My Grave And Weep
    Mary Elizabeth Frye
  9. Television
    Roald Dahl
  10. I Do Not Love You Except Because I Love You
    Pablo Neruda
[Report Error]