Sonalir Apekkha Poem by Shekhar Bhattacharyya

Sonalir Apekkha

Rating: 3.5

সোনালীৰ অপেক্ষাত: :

সোনালী,
পাৰ হৈ গ'ল অনেকটা বসন্ত
তোমাৰ অপেক্ষাত ।

বৈ গ'ল হাজাৰখন লুণীয়া প্ৰেমৰ নদী,
বৰ্ষাৰ ঈৰ্ষাত অনেকবাৰ উটি গ'ল মোৰ যৌৱনৰ উত্তাপ
পৰি ৰ'লোঁ অকলশৰে ভঙা হৃদয়ৰ
হীমশীতল উপত্যকাত,
সোনালী,
আজিও তোমাৰ অপেক্ষাত

আজি পুৱাই দেখিছোঁ শীতে
এখন মুকলি আকাশ
গাখীৰতী পথাৰত এটা লহপহ দুপৰীয়া
ৰাতিলৈ হয়তো ফৰিংফুটা জোনাক
তুমি আহিবা লগত লৈ
কুয়লীৰে ভৰা ৰাতিপুৱা আৰু
শেৱালিৰ সুৱাস

ৰৈ আছোঁ মই-
সোনালী,
আজি মাথো তোমাৰ
অপেক্ষাত ।

শেখৰ ভট্ৰাচাৰ্য

COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success