Shekhar Bhattacharyya

Shekhar Bhattacharyya Poems

তোমাৰ সোণাৰু হালধীয়া হাঁহিত
জোনাকে গা ধুই
আঘোণৰ বতৰা দিছে
কুঁৱলীৰ শুভ্ৰ আচল মেলি
...

ৰায়ডাকৰ পাগল সোঁতত
পাগল মই সৌন্দৰ্য্যত
চাই চাই পাগল ৷
পাগল তোৰ বুকুৰ ঢৌত
...

সোনালীৰ অপেক্ষাত: :

সোনালী,
পাৰ হৈ গ'ল অনেকটা বসন্ত
...

গুচি গ'লা নেকি?

সৌ সিদিনা তোমাক দেখিছিলো যে,
কমন ৰুমৰ আৰঁত লুকাই আছিলা,
...

5.

: : নাৰী: :
মানুহে কিয় কয় -
নাৰীৰ নজিস্ব বুলি একো নাই,
মইতো দেখিছো জগতখনে
...

The Best Poem Of Shekhar Bhattacharyya

Halakura

তোমাৰ সোণাৰু হালধীয়া হাঁহিত
জোনাকে গা ধুই
আঘোণৰ বতৰা দিছে
কুঁৱলীৰ শুভ্ৰ আচল মেলি
আঘোণ নামিছে
হালিজালি নাচিছে সোণালী ধাননি পথাৰ
হয়, হালাকুৰা গাঁৱত আঘোণ নামিছে
তোমাৰ চকুত ৰাশি ৰাশি আঘোণৰ কবিতা
কবিতা নহয় যেন বুকুৰ এফাল
তোমাৰ নীলাভ কবিতাৰ অৰ্থ বিচাৰি
ইচ্ ৰাম! কোনোবাই দেখিব
ওহোঁ! নহয় নহয়
কুঁৱলী পৰিছে
অস্পষ্ট
সকলো অস্পষ্ট
হালাকুৰা গাঁৱত আঘোণ নামিছে
মোৰ সোণজনীৰ চিৎপখিলি পৰশত
জীপাল হৈ উঠিছে লখিমী পথাৰ ।

Shekhar Bhattacharyya Comments

Close
Error Success