Main Uddin

Main Uddin Poems

প্রেমিক কবিজনৰ হৃদয়
@ মাইন উদ্দিন
জীৱনৰ ৰং বোৰ পাতল গুলপীয়া হয়
শব্দময় নদীৰ গভীৰতাত সময় শূন্য,
...

ডাকনামৰ সাক্ষী
@ মাইন উদ্দিন
গল্পটো আজিও অসম্পূর্ণ, আমাৰ ৰাস্তা নিমিলিল
শেষৰ অংকটো নিমিলিল কোনো অদ্ভুত কাৰণত
...

Main Uddin Biography

Columnist, Author, Blogger, E-marketer, Entrepreneur, Day dreamer)

The Best Poem Of Main Uddin

প্রেমিক কবিজনৰ হৃদয়

প্রেমিক কবিজনৰ হৃদয়
@ মাইন উদ্দিন
জীৱনৰ ৰং বোৰ পাতল গুলপীয়া হয়
শব্দময় নদীৰ গভীৰতাত সময় শূন্য,
ৰিম ঝিম বৰষুণৰ শব্দবোৰ আবেগহীন
শেৱালিৰ সুবাসত দুবৰি বুটলা নগণ্য।

এয়া প্রথম নহয়, তোমাক হেজাৰবাৰ দেখিছো
সপোনৰ ৰঙ তুলিৰে কিমান বাৰ আঁকিছো
হৃদয়ত সতৰঙ্গী ৰামধেনুৰ দৰেই
অস্পষ্ট গানৰ সুৰত অগনিত বাৰ গুন গুনাইছো।

নাই, হব নোৱাৰিলো হায়দাৰ হুছেইনৰ দৰে কবি
চিয়ঁৰি গাবই নোৱাৰিলো হৃদয়ৰ মন্ত্রণা
কিমান খিনি চকুলো বৈ গলে হৃদয় হয় সিক্ত
আপোনজন আঁতৰি যোৱা সকলেহে জানে বিচ্ছেদৰ যন্ত্রণা।

কবিতা এটা লিখিব মন আছিল
নাই, নোৱাৰিলো শব্দবোৰ হেৰাই থাকিল
পৰিচয় বিহীন লক্ষ লক্ষ মানুহক
মোহচ্ছন্ন কৰি ৰাখিবলৈ অনন্ত পল-অনুপল।

বাটে-ঘাটে, চহৰে-বন্দৰে বিচাৰি ফুৰিলো
আজন্ম প্রেমিক কবিজনৰ হৃদয়
হাবাথুৰি খাই কংক্ৰীটৰ দেৱালত ম্রিয়মাণ
তপস্বিনী আত্মা মহুশোচনায় শাল্বগ্নানিতে মৃদয়।

Main Uddin Comments

Close
Error Success