ডাকনামৰ সাক্ষী
@ মাইন উদ্দিন
গল্পটো আজিও অসম্পূর্ণ, আমাৰ ৰাস্তা নিমিলিল
শেষৰ অংকটো নিমিলিল কোনো অদ্ভুত কাৰণত
সময়ৰ লগত সকলোৱে পৰিবৰ্তন হ'ল
কেৱল ইমেইল পাছৱাৰ্ডটো আজিও ডাকনামৰ সাক্ষী হৈ আছে।
তোমাক জুমি জুমি চোৱাৰ দিনবোৰ
সেই কাহিনিবাই অতীত হ'ল
জোনৰ পোহৰত তোমাক চুবলৈ কিমান যে হেপাঁহ আছিল
ভাব হৈছিল - গোটেই মাহটোৱে অমানিশা।
.
বৰষুণৰ টোপালে টোপালে যেন ভাঁহি আহিছিল কাল ধুমুহা
আৰু মই...আৰু মই বুকুত ভৰাই লৈছিলোঁ শিলাবৃষ্টি
তথাপিও বৈ গৈছিল অবুজন অশ্রু মলয়া হৈ
আজি সকলোৱেই নীৰৱ, কাৰণ তুমি মোৰ পৰা বহু যোজনত।
This poem has not been translated into any other language yet.
I would like to translate this poem