ডাকনামৰ সাক্ষী By Main Uddin Poem by Main Uddin

ডাকনামৰ সাক্ষী By Main Uddin

ডাকনামৰ সাক্ষী
@ মাইন উদ্দিন
গল্পটো আজিও অসম্পূর্ণ, আমাৰ ৰাস্তা নিমিলিল
শেষৰ অংকটো নিমিলিল কোনো অদ্ভুত কাৰণত
সময়ৰ লগত সকলোৱে পৰিবৰ্তন হ'ল
কেৱল ইমেইল পাছৱাৰ্ডটো আজিও ডাকনামৰ সাক্ষী হৈ আছে।
তোমাক জুমি জুমি চোৱাৰ দিনবোৰ
সেই কাহিনিবাই অতীত হ'ল
জোনৰ পোহৰত তোমাক চুবলৈ কিমান যে হেপাঁহ আছিল
ভাব হৈছিল - গোটেই মাহটোৱে অমানিশা।
.
বৰষুণৰ টোপালে টোপালে যেন ভাঁহি আহিছিল কাল ধুমুহা
আৰু মই...আৰু মই বুকুত ভৰাই লৈছিলোঁ শিলাবৃষ্টি
তথাপিও বৈ গৈছিল অবুজন অশ্রু মলয়া হৈ
আজি সকলোৱেই নীৰৱ, কাৰণ তুমি মোৰ পৰা বহু যোজনত।

ডাকনামৰ সাক্ষী By Main Uddin
POET'S NOTES ABOUT THE POEM
কুৰি বছৰ আগৰ লিখনি যদিও পাঠকে ভাল পাব বুলি আকৌ তুলি দিলো।
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success