মইতো পাহৰিছো
ক্ৰমশঃ পাহৰি আহিছো
পাহৰিবৰ চেষ্টা কৰিছো
দীঘল পথাৰ খনত বাজি থকা সেই সুৰ
সেই অশ্ৰুভৰা দুচকুৰ ৰামধেনু
আৰু অকলশৰে শুই থকা গাঁৱলীয়া আলিবাটটোৰ বিৰহ-বেদনা
সপোন গজি য’ত সেউজীয়া হৈছিল
মোহাৰি পেলাইছো সেই সপোন সাৰুৱা চোতালৰ পৰশ
যাৰ ছাঁ-পোহৰৰ কাষে কাষে থিয় হৈ উমলিছিলো
এৰি থৈ আহিছো সেই পুৱা-গধূলিৰ হাত-বাউলি
যি পদুলিমূখত ৰৈ হাতেৰে ঢুকি পাইছিলো কহুঁৱা-কোমল মেঘ
এৰি থৈ আহিছো সেই জীয়া স্পন্দনৰ মৃদু সমলয়
মইতো পাহৰিছো
ক্ৰমশঃ পাহৰি আহিছো
কিন্তু মানি ল’ব কোনে
তুমি তাত হাঁহিলেই ইয়াত ফুল ফুলে
তুমি দুখত থাকিলে তাত
ইয়াত ধাৰাসাৰ বৃষ্টি নামে।
This poem has not been translated into any other language yet.
I would like to translate this poem