Jamini Anurag

Jamini Anurag Poems

এটা হালধীয়া গানে গা ধুই গ’ল ইয়াত
পুখুৰীৰ নিটাল পানী ভাঙি
এটা হালধীয়া গানে গা ধুলে আৰু
পুখুৰীত এৰি গ’ল এজাক খলকনি
...

এইখন চহৰ মোৰ অচিনাকি
ইয়াত বিক্ৰী হ'য় আকাশ
নীলাম হ'য় হৃদয়
...

অপেক্ষাৰ কাতৰতাত প্ৰতিটো প্ৰহৰ
এটা নীলা বেদনাৰ স্তৱক
ভালপোৱাৰ বৃত্তৰ শেষত মোৰ প্ৰপ্তি
...

The Best Poem Of Jamini Anurag

এটা হালধীয়া গান

এটা হালধীয়া গানে গা ধুই গ’ল ইয়াত
পুখুৰীৰ নিটাল পানী ভাঙি
এটা হালধীয়া গানে গা ধুলে আৰু
পুখুৰীত এৰি গ’ল এজাক খলকনি

গছবোৰে তধা লাগি চালে
মাছবোৰে চুই চালে গানৰ শৰীৰ
আৰু অলপ সময় নিতাল মাৰিল
চৰাইবোৰৰ ডিঙি

আজি আপোন মনে গুণগুনাই
গা ধুলে এটা গানে

সন্ধিয়া দাপোনত বগুৱাবাই উঠিল মোৰ ছাঁ
মোৰ চেতনাত ঢৌ তুলি গুছি গ’ল
এটা হালধীয়া গান

Jamini Anurag Comments

Close
Error Success