এটা হালধীয়া গান Poem by Jamini Anurag

এটা হালধীয়া গান

এটা হালধীয়া গানে গা ধুই গ’ল ইয়াত
পুখুৰীৰ নিটাল পানী ভাঙি
এটা হালধীয়া গানে গা ধুলে আৰু
পুখুৰীত এৰি গ’ল এজাক খলকনি

গছবোৰে তধা লাগি চালে
মাছবোৰে চুই চালে গানৰ শৰীৰ
আৰু অলপ সময় নিতাল মাৰিল
চৰাইবোৰৰ ডিঙি

আজি আপোন মনে গুণগুনাই
গা ধুলে এটা গানে

সন্ধিয়া দাপোনত বগুৱাবাই উঠিল মোৰ ছাঁ
মোৰ চেতনাত ঢৌ তুলি গুছি গ’ল
এটা হালধীয়া গান

Monday, June 29, 2015
Topic(s) of this poem: feelings,human
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success