ভালপোৱা আজিও সেউজীয়া Poem by Jamini Anurag

ভালপোৱা আজিও সেউজীয়া

অপেক্ষাৰ কাতৰতাত প্ৰতিটো প্ৰহৰ
এটা নীলা বেদনাৰ স্তৱক
ভালপোৱাৰ বৃত্তৰ শেষত মোৰ প্ৰপ্তি

এটা বৃত্তৰ শেষ!

বিপৰীত বিন্দুৰ সহজাত গতিত
এটা বৃত্তৰ শেষ..

জোনাক আহক বা নাহক
ভালপোৱা আজিও সেউজীয়া
চিৰন্তন তাৰ অৱগতি

COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success