মোৰ কথাই যদি....... Poem by Dhiren Doley

মোৰ কথাই যদি.......

মোৰ কথাই যদি জোন বেলিৰ ব্যৱধান বঢ়ায়
মোৰ ভাষাই যদি নদী মাটিৰ সম্বন্ধ ভাঙে
মোৰ সুৰে যদি ডাৱৰ সাগৰৰ গোপণীয়তা ভাঙে
মোৰ চৰিত্ৰই ষদি তৰাৰ সৌন্দৰ্যত দাগ লগায়
মোৰ চাৱনিয়ে যদি গছ লতাৰ নগ্নতাত লাজ লগায়
মোৰ উশাহ নিশাহে যদি দুবৰি নিয়ৰৰ নিৰৱতা ভাঙে
মোৰ হুমুনিয়াহে যদি উৰন্ত পক্ষীৰ পাখি কাঢ়ে
মোৰ হামিয়ে যদি অৰণ্যৰ গভীৰতা বিনষ্ট কৰে
মোৰ উপস্হিতিয়ে যদি ধ্যানৰত ঋষিৰ মগ্নতা ভাঙে
মোৰ গতিয়ে যদি পৰ্বতৰ স্হিৰতাত আঘাত কৰে
মোৰ কবিতাই যদি কাৰোবাৰ কলিজা বিন্ধে
মোৰ শব্দই যদি কাৰোবাক ঠাট্তা কৰে
তেন্তে মোৰ ব্যাকৰণবিহীন জীৱন ঢাকিবলে'
মোক অলপমান লাজ আনি দিয়া- আত্মগোপণ কৰো
যাতে পৃথিৱীৰ গতি স্হবিৰ নহয়
☺ধীৰেন

মোৰ কথাই যদি.......
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Dhiren Doley

Dhiren Doley

Assam, India
Close
Error Success