সময়ৰ কোনোবা অচিনাকি এচুকত
যেতিয়া বেলিটিয়ে লাজকুৰীয়া জুনটিক চুমা যাচিব খুজিছিল
আৰু নদীবোৰে তাইৰ বুকুত ঠাই এডোখৰ পাবলৈ
সাগৰক মিনতি কৰি আছিল;
যেতিয়া তৰাবোৰে পোহৰৰ সৌন্দৰ্যৰ সিপাৰত
লুকাবলৈ লৈছিল
আৰু মেঘবোৰে নিজকে জালৰ দৰে পাৰি লৈছিল
যেনিবা সিঁহতে গ্ৰহানুবোৰক সৰি পৰাৰ পৰা বচাব পাৰে;
নিৰৱতা আৰু কোলাহলৰ মাজত এখন প্ৰাচীৰ আছিল
আৰু আছিল দুখৰ পৰা হাঁহিলৈ বহুযুজন বাট;
আৰু মূহূৰ্তৰ যন্ত্ৰনাৰ পাছত
মোৰ পৃথিৱী আগমনৰ কথা তেওঁলোকে ঘোষণা কৰিলে।
সুখ আৰু বেদনাৰ মাজেৰে মোৰ সমগ্ৰ যাত্ৰা কালত
মই সবকে সুধিছো- 'মোৰ জনম কিয় হৈছিল? '
দিন নিমাত
ৰাতিৰো দশা একেই;
এদিন, যেতিয়া কপাহ-কুমলীয়া হৈ পৰিছিল বতাহজাক
আৰু অৰণ্যবোৰে হালি-জালি নাচি আছিল
যেতিয়া কোনো পক্ষীয়ে বাহ গুঁথাৰ কথাৰ কথা ভবা নাছিল
আৰু কোনোৱে আগন্তক ৰাতিৰ কথা আলচ কৰা নাছিল;
তেতিয়া লাহেকৈ পুৱতী তৰাৰ দৰে চিক-মিকি, নাচি নাচি
তুমি আহি উপস্থিত হৈ মোৰ কাণত ফুচফুচাই কিবা এটা কলা
সেয়া কি কিবা এটা গান আছিল নে অসাৱধানৱশতঃ ফুচফুচনি?
মোৰ স্মৃতিত একোৰে চিন নাই
কিন্তু প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলো,
তোমাক, কেৱল তোমাক ভাল পাবৰ বাবেই মই জন্মিছিলো
This poem has not been translated into any other language yet.
I would like to translate this poem