মা, মই তোমাৰ সন্তান- ডঃ এন্টনী থিয়ডোৰ (Dr. Antony Theodore) Poem by Dhiren Doley

মা, মই তোমাৰ সন্তান- ডঃ এন্টনী থিয়ডোৰ (Dr. Antony Theodore)

মা, মই তোমাৰ সন্তান
মই ইচ্ছা কৰি অহা নাছিলো, মা
গৌৰৱময় স্বৰ্গৰ পৰা
ঈশ্বৰৰ দূতে তোমাৰ গৰ্ভলৈ প্ৰৱেশ কৰি
মোক থাপণ কৰিছিল তাত

মই ইচ্ছা কৰি অহা নাছিলো, মা
বিধিৰ ইচ্ছাত আহিছিলো মই

তোমাৰ সুকোমল গৰ্ভত
প্ৰেমৰ এটা নতুন ঠিকনা পাই আনন্দিত হৈছিলো
আৰু যাপন কৰিছিলো সুখনিদ্ৰা।
স্বৰ্গৰ দূতবোৰে মোক নিৰীক্ষণ কৰিছিল
সিহঁতে মিনতি কৰিছিল যেন
পৃথিৱীৰ মুখ নেদেখা পৰ্যন্ত
মোক কুশলে ৰাখে

মই জন্মা দিনা সোনৰ বীনা বজাবলৈ
সিহঁতে জন্মোতসৱত গোৱা গীতবোৰৰ আখৰা কৰিছিল

মই তোমাৰ গৰ্ভত শুই থকা দিনবোৰত
তোমাৰ অগোচৰে
স্বৰ্গীয় দূতবোৰে মোক দেখা কৰিছিল

তোমাৰ প্ৰিয় সন্তান হৈ জন্মিবলৈ
মোৰ যে কিমান হেপাঁহ আছিল

মোৰ হাঁহিবলৈ হেপাঁহ আছিল
ইচ্ছা আছিল গান গাবলৈ
খেলিবলৈ ইচ্ছা আছিল মোৰ
ইচ্ছা আছিল তোমাৰ স্তনযুগলৰ অমৃত পান কৰিবলৈ
চাব বিছাৰিছিলো তোমাৰ দুগ্ধ পান কৰাৰ সময়ত
নিগৰি অহাতোমাৰ মুখৰ হাঁহি

গৰ্ভত থকা কালত দেখা মোৰ সপোন আছিল এয়া, মা

কিন্তু এটা দুৰভগীয়া দিন আহিল
যেতিয়া তুমি মোক মাৰি পেলোৱাৰ কথা ভাৱিলা

যাতনাৰ দূতবোৰে তোমাৰ সেই মনৰ আলচ
কান পাতি শুনিলে
আসুৰিক আনন্দৰে নৰকৰ দূতবোৰে
দুল কোবাই কোৱাই
গাবলৈ ধৰিলে নিষ্ঠোৰতম সুৰ-
জঁপিয়াই জণপিয়াই
মোক আগুৰাই আগুৰাই
শাৰী পতি পাতি গাইছিল
ঘুৰি ঘুৰি নাচিছিল
ভৰিৰ আঙুলিত ভৰ দি নাচিছিল
মূৰতো ভৰ দি নাচিছিল সিহঁত
সিহঁতে ফুৰ্তিত দুল বজাই নাচিছিল
তুমি যে মোক মাৰি পেলাব খুজিছা তাক জানি
নৰকৰ পূৰ্ন ৰাজ্যই আনন্দ গান কৰিছিল।

মোৰ হিয়া ভগা ক্ৰন্দন জানো তুমি শুনা পাইছিলা?
পৱিত্ৰ দূতবোৰৰ কান্দোন জানো তুমি গম পাইছিলা?
তোমাৰ পৱিত্ৰ গৰ্ভত মোৰ কৰুন মৃত্যু দেখি
সমগ্ৰ স্বৰ্গবাসীৰ ক্ৰন্দন জানো তুমি জানিব পাৰিলা?

মোক নিৰ্দয়ভাবে মাৰি পেলোৱাৰ আগে আগে
মই দেখা পালো সৰ্বোপৰিজনাৰ অসহায় কান্দোন!

COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Dhiren Doley

Dhiren Doley

Assam, India
Close
Error Success