পৰুৱা Poem by Dhiren Doley

পৰুৱা

সিহঁতে জানে জীৱন খন্তেকীয়া
ক্ষণিকৰ জীৱনত জিৰণিৰ সময় নাইকিয়া
সিহঁতেও জানে মৃত্যুত জীৱন অন্ত নহয়
আগন্তুক প্ৰজন্মৰ বাবে সাজে বাট অক্ষয়
বাৰিষাত বান, সপোণ হব পাৰে থান-বান
খৰালিতে গোটাই ললে সকলো, ৰক্ষা পৰে মান
কোনে ক'ই সিহঁতবোৰ মূৰ্খ শ্ৰমিক, নেগাই কেতিয়াও গান
কামৰ মাজেৰে, তৃপ্তিৰ জোখাৰে সিহঁতৰ সুৰৰ ঐক্যতান
সপোণ বুলীয়া, হাঁহি বলীয়া আমি মনিষৰ জাতি
ভৰিৰে গচকা পৰুৱাই আমাক শিকাই কামতহে জীৱনৰ গতি
ভাল দিন বুলি দিন আৰু ৰাতিত শুই বহি কটাওঁ
আপদ কাল আহিলে, দুখত ভাগি পৰোঁ, ভোককে ভাত বুলি খাওঁ
পৰুৱা পৰুৱা, দেখাত লাগে তেনেই নিথৰোৱা
পৰুৱাৰ পৰা নিশিকিলে আমাৰহে হবগৈ সংসাৰ আধৰুৱা

Tuesday, May 17, 2016
Topic(s) of this poem: inspirational
COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Dhiren Doley

Dhiren Doley

Assam, India
Close
Error Success