ফাগুন Poem by Gayatri Phukan

ফাগুন

ফাগুন
______--_-----

পলাশ জোপাক
দেখুৱাই কলো
চোৱা
সেইয়া ফাগুন ৷
ৰঙা ফাগুন।

বান্ধৱীয়ে কলে
মহানাগৰীকক সোধা
ফাগুনৰ ৰং ৰঙানে বগা ৷
ধুলিৰ ৰংযে বগা ৷

হাঁ হাঁ হাঁ
ফাগুনৰযে অনেক ৰং
প্ৰেমৰ দৰে।
ফাগুনযে প্ৰেমৰ বতৰ ৷

মোহাৰি মোহাৰি
ৰঙা নাকটো দেখুৱাই দেখুৱাই
বান্ধৱীয়ে
উষ্মাৰে ক'লে,
ফাগুন মানে কি
মোক সোধা ৷

হাঁ হাঁ হাঁ
মই কলো
কবিক সোধা
ফাগুনৰ ৰং ৰঙানে বগা ৷

গায়ত্ৰী ফুকন
মবাইল নম্বৰ 7002198454

COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Gayatri Phukan

Gayatri Phukan

Sivasagar
Close
Error Success