পথাৰৰ শোকগাঁথা Poem by Gayatri Phukan

পথাৰৰ শোকগাঁথা

পথাৰৰ শোকগাঁথা
‎গায়ত্ৰী ফুকন

‎ধীৰে ধীৰে হেৰুৱাইছেো তোমাৰ ঠিকনা
‎বুকুত গজি উঠিছে নব্য ঔপনিৱেশিক চহৰ

‎তোমাৰ বুকু খান্দি
পোৰা মঙহেৰে
গঢ়ি তুলিছো
অট্টালিকা ৷

‎ খেতিয়কৰ দুচকুত
আজিও তুমি
‎ চুব নোৱৰা সপোন ৷

‎বিদ্ৰোহী কবিৰ কলমত
প্ৰাণপোৱা
‎অন্তহীন শোষণ
বঞ্চনাৰ তেজৰঙা ইতিহাস ৷

‎ পথাৰ,
‎আমি আকৌ
সেউজীয়া বিপ্লৱেৰে
ভোগালী হওঁ আহা ৷

‎কোনেও নুবুজিলেও
ভোকাতুৰ মানুহে বুজি পায়
তোমাৰ, আমাৰ
ক্ষোভ আৰু বেথা ৷

‎আচলতে
‎ভোকাতুৰ মানুহ
আৰু
পথাৰ
‎একেটা সুৰত গঁথা
এক প্ৰাচীন শোকগাঁথা... ৷

COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Gayatri Phukan

Gayatri Phukan

Sivasagar
Close
Error Success