কোনেনো নিৰ্মান কৰিলে
তোমাৰ ভিতৰত এখন বিশাল আকাশ!
কেনেকৈ বহন কৰা
সীমাহীন সমীৰন
ৰাতিৰ নিস্তব্ধতা
দিনৰ দীপ্তি
অনেক ডাৱৰ- মায়াময় সৌন্দৰ্য
ভাগৰুৱা দিনৰ বিশ্ৰাম তোমাৰ বুকুত
অজস্ৰ ৰাতিৰ প্ৰহৰ তোমাৰ চকুত
সপোন সপোন- তোমাৰ উশাহত মোৰ
হেঁপাহৰ আঘোন
তোমাৰ ভিতৰত সুবিশাল আকাশ;
নদীৰ গতিময়তা
জীৱনৰ আয়ুসৰেখা
সুখ ও দুখৰ কত গাথা
খোদিত কৰা হল তোমাৰ উদাৰতাত
তুমি নাৰী
মমতাময়ী, উদাৰ, বিশাল
মোৰ সাহস, মোৰ সপোন আৰু মোৰ আশাৰো
অদম্য উৎস
This poem has not been translated into any other language yet.
I would like to translate this poem