অভিসাৰিকা জোন আৰু নপুংসক ৰাতিবোৰ Poem by Gayatri Phukan

অভিসাৰিকা জোন আৰু নপুংসক ৰাতিবোৰ

Rating: 5.0

জোনটোৱে
পূৰ্ণিমাৰ নিশা ৰঙা
পোচাকযোৰ পিন্ধে।
নপুংসক ৰাতিবোৰ
কাঠহৈ পৰি থাকে।
জোনটোৱে বুকুত
সাৱটি লয়
এবুকু দুঃসহ বেদনা ।
ৰঙা
পোচাক যোৰ পিন্ধি
এটুকুৰা শিল
হয় জোনটো।
কোনেওতো নুবুজে
জোনৰ বুকুৰ বিষ।
জোনৰ কলিজাৰ ভোক।
স্বাৰ্থপৰ
নপুংসক ৰাতিবোৰ।
এবুকু মৰমো
যদি যাচিব
পাৰিলেহেঁতেন।
কিমান নপুংসক ৰাতিৰ শেষত বাৰু
জোনটো অভিসাৰিকা
হয়।

অভিসাৰিকা
জোনৰ বাবেই
ঘৰচীয়া চৰাইবোৰো
বনৰীয়া হয়।
সেওঁতাত দীঘল দীঘল
ফোট পিন্ধা
চৰাই কিজনীৰ
ৰাতিৰ
দুখবোৰ
বৰফহৈ জমা হয়।

বনৰীয়া চৰাইবোৰে
বেলেগৰ চোতালত
আগা দেৱা কৰে।
বাঁহবোৰ এনেকৈয়ে ভাগে।
এনেকৈয়ে চলি থাকে
ভঙা
গঢ়াৰ খেল।
- - - - - - - - - গায়ত্ৰী ফুকন

This is a translation of the poem Concubine Moon by Gayatri Phukan
Tuesday, October 30, 2018
Topic(s) of this poem: life
COMMENTS OF THE POEM
Gayatri Phukan

Gayatri Phukan

Sivasagar
Close
Error Success