কুকুৰ আখ্যান Poem by Gayatri Phukan

কুকুৰ আখ্যান

কুকুৰ আখ্যান

মোৰ মটৰৰ স্পীড
কমাই দিলো
আগেদি
পাৰহৈ গ'ল
এটি ফপৰা কুকুৰ ৷
এখনি বিলাসী মটৰত
জিভা উলিয়াই পাৰহৈ গ'ল
আন এটি কুকুৰ ৷

সেইদিনা বন্ধু এজনে
আদ্দাত কৈছিল
কুকুৰৰ
সন্মান বাঢ়িছে ৷
সন্দেহ
অমূল্য বৰুৱাৰ কুকুৰ কবিতাটিয়ে
তাৰবাবে দায়ী নহয়তো ।

আনজনে
ঘৃণাত নাক কোঁচালে
নিকৃষ্ট প্ৰাণী
জাবৰৰ দমৰ পৰা সিহঁতে
ভোক গুচাই ৷৷৷

এজনে আক্ৰোশেৰে কলে
সকলো ৰাষ্টাৰ
কুকুৰ মাৰি পেলাব লাগে
সিহঁতে প্ৰাতঃ ভ্ৰমণকাৰীক
আক্ৰমণ কৰে ৷

এজনে
আস্ফালন কৰিলে
নিৰ্ভয়া কাণ্ডৰ পাছত
কিয় মাৰি পেলোৱা নহ'ল
সকলো মানুহ ৷

ঘৰ পায় দেখিলো
ৰঙা নেজ জোকাৰি ৰৈ আছে ৷
বুঢ়ালোকে কৈছিল
কুকুৰ মেকুৰীয়েহে ঘৰখন ৷


তীব্ৰ বেগী
মটৰৰ চেপাত
প্ৰতিদিনে মৃত্যু হয় কুকুৰৰ ৷
পৃথিৱী এতিয়া
মানুহৰ কবলত ৷
এদিন
মানুহৰ পৰা কাঢ়ি ল'ব পৃথিৱী
কৃত্ৰিম বুদ্ধিমত্তাই।
তেতিয়া মানুহবোৰো কুকুৰ হ'ব ৷

গায়ত্ৰী ফুকন

COMMENTS OF THE POEM
READ THIS POEM IN OTHER LANGUAGES
Gayatri Phukan

Gayatri Phukan

Sivasagar
Close
Error Success