লজ্জা Poem by Gayatri Phukan

লজ্জা

Rating: 5.0

ছছিয়েল মিডিয়াত
ভাইৰেলহৈছে
এখন বিবস্ত নাৰীৰছবি ।
প্ৰিয় পুৰুষে
পৰ্ণগ্ৰাফিৰ মডেলৰ দৰে
বজাৰত নীলাম কৰিছে
প্ৰিয়তমাৰ বিবস্ত ছবি
তামবৰণীয়া শৰীৰ
দুচকুত কামনা
স্ফীত বুকু
কামুক নাভিমণ্ডল
কামনাৰ লেলিহান শিখাহৈ
উজ্জ্বলি উঠিছে এক নাৰীমূৰ্তি
মহেঞ্জদাৰোত খোদিতযেন
এক নিৰ্লোভ ভাস্কৰ্য
শ শ পুৰুষক কামনাৰ
ৰঙা ৰঙে চেলেকি গৈছে।
শ শ পুৰুষৰ
কামনাৰৰঙাঅগ্নিত
বাৰে বাৰে ধৰ্ষিত হৈছে
সেই নাৰী মুৰ্ত্তি ।
লাজত যেন ম্ৰিয়মান হৈছে
পৃথিৱীৰ নাৰীত্ব
প্ৰেমিকৰ অভিনয়ত বিমুগ্ধ
কোন এই ৰমণী
পাহৰি পেলালে নাৰীত্ব
খুলি পেলালে লজ্জ্বাৰ আভোষণ
উপহাৰ দিলে নিজৰেই বিবস্ত ছবি
বজাৰত নীলাম হল
অপূৰ্ব শৰীৰ
ঐশ্বৰ্য্যময় নাৰীত্ব

এনেকৈনো নীলাম হয়নে
প্ৰেমৰ ৰঙা ৰঙ
বজাৰত বিক্ৰী কৰি দিয়া হয়নে
প্ৰেমৰ সলীল তৰংগ।
এনেকৈনো নীলাম কৰেনে প্ৰেমিকাৰ শৰীৰ
হে বিবস্তা নাৰী
তোমাৰ হাততো মজুত আছেনে
প্ৰিয় পুৰুষৰ এখন উলংগ ছবি
তুমিও নীলাম কৰা,
নীলাম কৰা,
তোমালোকৰ হাততে
লজ্জিত হওঁক
আধুনিকতা,
সভ্যতা,
প্ৰেম,

এখন নাঙঠ ফটো উপহাৰ দিয়াৰ আগতে
এখন নাঙঠ ফটোৰ উপহাৰ লোৱা
তেতিয়াহে ড্ৰ হব
জমিব
প্ৰেমৰ নিৰ্লজ্জ খেল খন ।
বজাৰত সমানে নীলাম হব লজ্জা
পুৰুষ আৰু নাৰীৰ লজ্জা।
নহলে কোনেও কাকো
উপহাৰ নিদিবা নাঙঠ ছবিৰ
যাতে নীলাম নহয় লজ্জা।

This is a translation of the poem Shame by Gayatri Phukan
Wednesday, October 31, 2018
Topic(s) of this poem: love and life,social behaviour
COMMENTS OF THE POEM
Gayatri Phukan

Gayatri Phukan

Sivasagar
Close
Error Success